পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
সটীক নামঘোষা


 যিহেতু কৃষ্ণই সকলোৰে আত্মা; মানুহে তেওঁক ভজি সেইকাৰণে সদায় আনন্দ লাভ কৰিব পাৰে। ভগৱানক অৰ্থাৎ নিজৰ আত্মাক চিন্তা কৰি মানুহে আনন্দ লাভ কৰিব পাৰে দেখি, হে সাধুসকল, পৰমেশ্বৰে সৰ্ব্বানন্দ নাম পাইছে বা তেওঁক সৰ্ব্বানন্দ বোলে।

[ ১৫০ ]

যি কাৰণে নাৰায়ণে পঞ্চভূতে পঞ্চবৰ্ণে
 মালা পিন্ধি প্ৰকাশ কৰন্ত।
এহি হেতু নিৰন্তৰে  জানিবাহা বনমালী
 নাম ধৰি আছা ভগৱন্ত॥

বনমালী—বনমালিন্ শব্দ। ব = বৰুণ বা পানী; ন = নভঃ বা আকাশ; ম = মৰুৎ বা বায়ু; অ = অনল বা তেজ, ল= পৃথিৱী। বৰুণ, নভঃ, মৰুৎ, অনল আৰু পৃথিৱী এই পাঁচ ভূতৰ পাঁচ আখৰ, ব + ন + ম + অ + ল যোগ হৈ ‘বনমাল’ হয় আৰু ই পাঁচ ভূতক বুজায়; তাত ‘ইন্’ যোগ হলে বনমালিন্ শব্দ হয় আৰু তাত বিভক্তি যোগ হৈ ‘বনমালী' হয় আৰু সি ভগৱন্তক বুজায়। পৰমাত্মা পঞ্চভূতৰ মাজত আছে বা পঞ্চভূত পৰমাত্মাৰ ভিতৰত আছে, বনমালী শব্দটোৱে তাকে বুজায়।

 ভগৱানে পঞ্চভূতৰ ব, ন, ম, অ, ল এই পাঁচ আখৰেৰে গঁঠা মালা পিন্ধাৰদৰে চৰাচৰ বিশ্বৰ পঞ্চভূতত শোভা পাইছে অৰ্থাৎ ভগৱান সৰ্ব্বব্যাপী। গতিকে পঞ্চভূতেৰে সৃষ্ট হোৱা বিশ্বত তেওঁ