পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
সটীক নামঘোষা

 হে দুখহাৰী হৰি, তুমি পৰম দয়ালু; তুমি বাহিৰত মোক নানা ভাৱে ৰক্ষা কৰিছা অৰ্থাৎ তোমাৰ কৰুণাতে মই সংসাৰত চলি ফুৰিছোঁ বা বৰ্ত্তি আছোঁ; তুমি মোৰ অন্তৰ্য্যামী গুৰু ৰূপেও যে অন্তৰত আছা, তোমাৰ নামত মোৰ ৰতি জন্মাই তাকে সত্য কৰোৱা অৰ্থাৎ মই তোমাৰ নাম লবলৈ ইচ্ছা কৰোঁ তুমি অন্তৰ্য্যামী যেতিয়া—তুমিতো মোৰ ভাৱ জানিব পাৰিছাই, এতিয়া তুমি যদি তোমাৰ নামত মোৰ ৰতি জন্মোৱা, তেন্তে তুমি যে অন্তৰ্য্যামী সেইটো মোৰ বিশ্বাস হব।

কৃষ্ণায় বাসুদেবায় দৈৱকীনন্দনায় চ।
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ॥ ১৩৩

[ ১৩৩ ]

হে কৃষ্ণ বাসুদেৱ দৈৱকী নন্দন হৰি
 নমো নন্দগোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোবিন্দ তযু পদ অৰবিন্দ
 কৰো মই লক্ষ নমস্কাৰ॥

 হে কৃষ্ণ, হে বাসুদেৱ, হে দৈৱকীনন্দন, হে নন্দগোপকুমাৰ হৰি, তোমাক সেৱা কৰোঁ। হে দয়াময শ্ৰী গোবিন্দ, তোমাৰ চৰণ-পদ্মত মই লক্ষ লক্ষ বাৰ নমস্কাৰ কৰোঁ।

নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে।
নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে॥ ১৩৪