পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিধি-শাস্ত্ৰ বিধান।

 মোক্ষলাভ কৰিবলৈ ইচ্ছা কৰা লোকৰ যি সময়ত মায়াৰপৰা হোৱা সুখলৈ ( বিষয় সুধলৈ) অতি বিৰক্তি জন্মে আৰু সদায় আত্ম-তত্ত্বত মন নিমগ্ন ৰাখিব পৰা হয়, তেতিয়া তেওঁ শাস্ত্ৰ বা সমাজৰ বিধি বিধানৰ সকলো ব্যৱস্থাৰপৰা বাদ পৰে; অৰ্থাৎ তেনে লোকৰ কোনো প্ৰকাৰ বিধি পালনৰ আৱশ্যক নথকা হয়; আৰু তেনে পুৰুষ বিধাতাৰ লিখনৰপৰাও মুক্ত হয়।

[ ১২৬ ]

জ্ঞাননিষ্ঠ জনে বিদ্যা অবিদ্যা জনিত দুয়ো
 সুখে বিৰকতি ভৈল যেৱে।
বাসুদেৱময় মাত্ৰ  দেখয় জগত ইটো
 বিধিৰ কিঙ্কৰ গুচে তেৱে॥

জ্ঞাননিষ্ঠজন-তত্ত্বদৰ্শী, ব্ৰহ্মজ্ঞান থকা, জ্ঞানী।

 জ্ঞানী আকৌ যেতিয়া তত্ত্বজ্ঞান আৰু মায়াৰ (বিষয়ৰ) পৰা ওপজা এই দুয়োবিধ সুখৰপৰা উদাসীন হয় অৰ্থাৎ জ্ঞানীৰ যেতিয়া উক্ত কোনোবিধ সুখলৈ ভাব নথকা হয়, আৰু তেওঁ গোটেই জগতকে ব্ৰহ্মময়ৰূপে দেখা পায় (তেওঁৰ মনত সকলো অভেদ হয়), তেতিয়া আৰু তেওঁ সংসাৰৰ বিধি বিধানৰ ভিতৰত নাথাকে অৰ্থাৎ সমাজত চলা ৰীতি-নীতিলৈ তেওঁৰ দৃষ্টি নাথাকে।