পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সটীক নামঘোষা

দুৰ্ল্লভ অমৃত যেন সিজনে কৰিলে পান
 মধুৰ পিবাক আৰ নাই॥

 যি মানুহে নিতৌ একান্ত মনে মাধৱক ভজি মাধৱৰ নাম-গুণ গাই ফুৰে, সেইজনে দুৰ্ল্লভ অমৃতৰ দৰে পৰম ৰসযুক্ত ভক্তি-ৰস লাভ কৰে; এই ভক্তি-ৰস ইমান উপাদেয় আৰু তৃপ্তিকৰ যে তাতকৈ আৰু বেচি ৰসযুক্ত তৃপ্তিকৰ বস্তু জগতত নাই; গতিকে তাকে পাই ভক্ত সন্তুষ্ট থাকে, আন একোলৈ তেওঁলোকৰ হেঁপাহ নাখাকে।

[ ১১২ ]

ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক
 গাৱ ভাই মাধৱৰ গুণ।
নিচিন্ত আপোন মাৰ  সুখে আপোনাক তাৰ
 হুয়ো ভাই পৰম নিপুণ॥

মাৰ—মৰণ।

 হে ভাই, মাধৱক সেৱা বা আশ্ৰয় কৰা, তেওঁক সততে অনুভৱ কৰা আৰু তেওঁৰ নাম গুণ কীৰ্ত্তন কৰা। তেওঁক নাভাবি