পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ধৰ্ম্ম-সঙ্গীত।

হৃদয় আসন যুৰি, উপচি পৰিছে চোৱা,
 লোৱা দেবা ভক্তি পুষ্পহাৰ।
আকাশে ঢালিছে তাত পোহৰ সুন্দৰ
 শীতল পৰিছে মলয়াহ,
পতিৰ অঞ্জুলি লোৱা,  শ্ৰীচৰণটি থোৱা,
 ঢালিব খুজিছে প্ৰেম ধাৰ,
লোৱাহি লোৱাহি  চোৱাঁহি নিয়াহি
 সকলোৰে ভকতি হিয়াৰ;
তুমি শকতিৰ ফল, তুমি মিনতিৰ থল
 তুমি ভকতিৰ বল জৰণি হিয়াৰ॥
    দুৰ্গেশ্বৰ শৰ্ম্মা, বি, এল।

৩০

ভুপালা চিমাতেতালা।

ধীৰ মলয়া বহিছে পুৱা,
 গাওঁ সবে আহাঁ প্ৰভুৰে গান।
ফুলে ফুলে দেখা,  যাৰ নাম লেখা,
 যি জনৰ স্ৰজা ই বিশ্বধাম।