পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সঙ্গীত-কোষ।

পাপ সাগৰত পৰি জীৱ মোৰ যায় বুৰি
 দি তযু চৰণ তৰী জুৰুৱা জীৱন।
    দুৰ্গাপ্ৰসাদ দত্ত।

১৮

ভৈৰবী— -যৎ।

 কিনো আছে প্ৰভু মোৰ দিওঁ চৰণত।
 দীন দুখী পাপী মই মজিছে পাপত॥
নেজানো অৰ্চনা স্তুতি সদাই পাপত ৰতি,
 দিবলৈ একোকে নাই মৰু হৃদয়ত।
পাপৰ জুইৰে পুৰি বোলোঁ মই হৰি হৰি,
 শান্তি পানী ঢালাঁ প্ৰভু জ্বলা হৃদয়ত॥
    দুৰ্গাপ্ৰসাদ দত্ত।

১৯

ইমনকল্যান—আড়াঠেকা।

  কি ভাবিছা মন,
মাতাচোঁ তেওঁক মেলি হৃদয় ঢাকন॥