পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
জাতীয় সঙ্গীত।

আজি মোৰ লৰা-নাতি অসমীয়া জাতি
 য’তে য’তে আছা, আহি দেখা দিয়াঁ৷
আজি চিত্ত-ভেদী মাত,  শুনিছাগৈ তাত
 নকবি গহবি, আহি ধৰি নিয়াঁ॥
আজি তোমাৰ এই আই,  কান্দিছে বিনাই,
 চোৱা দীন দশা, অবস্থা দুখীয়া।
আজি সঙ্কটৰ মাজে অনাথিনী সাজে
 চেনেহি-জননী অকলসৰীয়া॥
    বেণুধৰ ৰাজখোৱা, বি, এ।

৩৩

বাগেশ্ৰী কানেড়া—আড়াঠেকা।

কোনেনো বজাব বীণা, কোনেনো ধৰিব তান,
জাতীয় উলাহে আজি কোনেনো ধৰিব গান।
ভীষ্ম ভীমাৰ্জ্জুন বীৰ,  দ্ৰোণ কৰ্ণ যুধিষ্ঠৰ
অতীত গৌৰব আজি, কোনেনো ৰাখিব মান।
জননী জনমভূমি,  পৰভোগ্যা পৰাধিনী,
প্ৰতাপ শিবাজী দৰে কোনেনো অৰ্পিব প্ৰাণ।
    সিংহদত্ত দেৱ অধিকাৰী।