এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
জাতীয় সঙ্গীত।
সমস্তে পৃথিবী আজি মতলীয়া,
স্বজাতি প্ৰেমৰ ভাবে ভৰা হিয়া।
নিজাসুখ এৰি জাতীয় উন্নতি,
সাধিছে সাহেৰে স্বাৰ্থ কৰি কাতি,
একতা ডোলেৰে সমাজ বান্ধিছে,
গাইগোটা কথা সমূলি এৰিছে,
দৰ্প অহঙ্কাৰ আজি পাহৰিলে,
চোৱাঁ সকলোৱে কেনে মন্ত্ৰ দিলে,
তুমি চেৰ পৰি যাবা অসমীয়া
এই মন্ত্ৰ যদি এতিয়া নোলোৱা,
একোৰে দুখীয়া নাছিলা যে তুমি,
জ্ঞানে ধনে তেজে শোভিছিল ই ভূমি,
ভাৰতে যেতিয়া আন্ধাৰত আছিলে,
প্ৰাগ্জ্যোতিষপুৰে জ্ঞান বিলাইছিলে;
যি দিনা ভাৰতৰ স্বাধীনতা কাঢ়ে,
তলতীয়া কৰি মহতালি হৰে,
তেতিয়াও তুমি প্ৰতাপী আছিলা,
দূৰতে আঁতৰাই পৰক ৰাখিছিলা৷