পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
জাতীয় সঙ্গীত।

হৃদয় বীণত উলাহ মাতেৰে,
উলাহৰ সুৰ বাজে উলাহেৰে,
উলাহৰ চিন কিনো জেউতিৰে,
মুখে মুখে আজি বিৰিঙ্গি পৰিছে।
উলাহেৰে আজি কুলিয়ে গাহিছে,
প্ৰতিধ্বনি তাৰ সুৰত বাজিছে,
তালে তালে তাল বতাহে ধৰিছে,
হালি জালি জালি পদুমে নাচিছে।
উলাহেৰে আজি ফুলনি ফুলিছে,
উলাহেৰে আজি মলয়া বলিছে,
প্ৰকৃতি দেবীয়ে উলাহতে আজি,
উলাহৰ সাজ লাহেৰে পিন্ধিছে।
আহাঁ আমি আজি ভকতি ভাৱেৰে,
ঈশ্বৰক সেৱা কৰোঁ সলাগেৰে,
যাৰ কৃপাগুণে দিনে দিনে দিনে
কুমলীয়া এই কলিটি বাঢ়িছে।
    চন্দ্ৰধৰ বৰুৱা।