পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সঙ্গীত-কোষ।

তুমি বিনে মোৰ  এনুৱা দুৰ্ঘোৰ,
 গুচাব কোনে বিপত্তি॥
চোৱাঁ লৰা বোৰ, আছে যত মোৰ
 কান্দে ক্ষুধাতুৰ হই
মাৰি নিয়াঁ মোক,  তেহে যাব শোক,
 নোৱাৰোঁ স’ব বিলাই॥
    বেণুধৰ ৰাজখোৱা, বি, এ।



বেহাগ-আড়াঠেক৷


অসম-আকাশ আজি ডাৱৰে ছাটিপেলায়।
দিনতে এন্ধাৰ হ’ল একোকে দেখা নেযায়॥
মাৰিছে মেঘে গাজনি, উঠিছে বুকু কঁপনি।
কি কৰোঁ ক'লৈ যাওঁ, নেদেখোঁ একো উপায়॥
    বেণুধৰ ৰাজখোৱা, বি, এ।