পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮১
পুৰণি সঙ্গীত।

আসনৰ চৌপাশে ফুলিছে টগৰ৷
পূজা নিদি আই মাতৃক লগাইছে জগৰ॥
শীতলাৰ ঘৰখনি বকুলৰ জালী।
কিবা পূজা দিব লাগে নেজানিলোঁ আমি॥
শীতলা মাতৃক আমি অতি কাতৰ কৰোঁ।
অনুগ্ৰহ কৰা মাতৃ চৰণত ধৰোঁ॥
শীতলা শীতলা বুলি চৰণে পশিলোঁ।
বিস্ফোটক ভয় হন্তে ইবাৰ ৰাখিও॥
স্তুতি নতি ভগৱতি নেপাওঁ সেৱাৰ ভাও;
আপুনি সন্তোষ হোৱাঁ জগতৰে মাও॥

৪৬

আইৰ পাৱ মছা  কপাহি গামছা,
 আইৰ কলি কটা পিৰা।
বৰ আইক পাচিছে  সৰু আই আহিছে
 ফুলবাৰীৰ দেওঘৰৰ পৰা॥