পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮০
সঙ্গীত-কোষ।

ৰাইজো নলৰে   দুর্গাক শাঁত নকৰে
 মহাদেউৰ আগতে কোৱাঁ ॥
আই আহিবৰ  হল বহুদিন
 মহাদেউ পঠাইছে খেদা।
যােৱানে নেযােৱা  মা ভগৱতি
  কৈলাস হইছে সুদা॥

৪৫

আসনত বহি আইয়ে মেলি দিছে ভৰি।
চৰণত পৰি কান্দো বাগৰি বাগৰি॥
আসনতে বহি আইয়ে ফুলৰ ললে লেখা।
গোপিনীয়ে স্তুতি কৰে আয়ে দিছে দেখা॥
আসনতে বহি আইয়ে চৌপাশে চায়।
অসুৰৰ সেনা সকল বিভঙ্গে পলায়॥
আসনৰ চৌপাশে ঘটৰ শাৰী শাৰী।
ঘট ডুবাই ৰস ঢালে কৈলাস-ঈশ্বৰী॥
আসনৰ চৌপাশে চপা নাগেশ্বৰ।
মলমলি বাস আহে গােসাঁনী সবৰ॥