পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬২
সঙ্গীত-কোষ।

নৰসিংহ ৰূপে   ভৈলা দিব্য বপু
বধিলাহা ৰিপু হিৰণ্যকশিপু।
ভৈলা অদিতিত বামন উদিত
মূৰুতি ললিত বলিক ছলিত।
যামদগ্নি ৰাম কৰি চামে চাম
ক্ষত্ৰিয়ৰ নাম নথৈলা সংগ্ৰাম।
ভৈলা কৌশল্যাত শ্ৰীৰাম জাত
ৰাৱন বিঘাত কৰিলা লঙ্কাত।
ৰাম হলধৰ ৰোহিণী কুমাৰ
মাৰিলা ইতৰ দ্বিবিদ বানৰ!
বুদ্ধৰূপে ছন কৰি বেদগণ
মুহিলামন ত্যজিয়া সজন।
হুয়া কল্কি চণ্ড যতেক পাষণ্ড
কৰি খণ্ড খণ্ড বিহিলাহা দণ্ড।
ধৰি বাৰম্বাৰ দশ অৱতাৰ
পৃথিবীৰ ভাৰ খণ্ডিলা অপাৰ।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
হৰি হৰি নৰে বোলা নিৰন্তৰে।