পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
পুৰণি সঙ্গীত।

শতপত্ৰ বিকশিত ভ্ৰমৰা উড়াই,
ব্ৰজবধূ দধি মথে তুৱাগুণ গাই।
দাম সুদামে ডাকে তেৰি লৈয়া নাম,
হেৰ দেখ উঠিয়া আসিল বলোৰাম।
নন্দ গেল বাথানে গোৱাল গেল পালে,
সুৰভী চাৰিতে লাগে উঠৰে গোপালে।
ক্ষীৰ নবনী লৈযো শিঙ্গা বেত বেণু,
সকালে মেলিয়ো বৎস হাম্বালাৱে ধেণু।
কহষ মাধৱ মাই কিনো তপসাইলা,
ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা॥

৩১

ৰাগ-সিন্ধুৰা

জয় জয় ৰাম  ৰাঘৱ ৰঘুকুল পঙ্কজ
 দিনকৰ ৰাম মুৰাৰি।
যো পদ কমল  সুৰাসুৰে সেৱত
 সকল ভূবন অধিকাৰী।