পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
সঙ্গীত-কোষ।

সব পুৰুষৰ  শিৰৰ ভূষণ
 তুমিসে বাপু গোবিন্দ।
মোৰ পুত্ৰ বুলি  যশোৱা গোৱালী
 বুকে বান্ধি কোলে লৈল।
বয়নে চুম্বন কৰি ঘন ঘন
 আনন্দে মগন ভৈল।
সিদ্ধ মুনিগণে  চিন্তিয়া নপাৱে
 সো হৰি যশোৱা কোলে।
ত্ৰিজগত পতি  ভকতি মিলন
 মূৰুখ মাধৱে বোলে॥


৩০
ৰাগ-শ্যাম।


তেজৰে কমলাপতি পৰভাত নিন্দ,
তেৰি মুখ চান্দ পেখোঁ উঠৰে গোবিন্দ।
ৰজনি বিদূৰে দিশ ধৱলি বৰণ,
তিমিৰ ফিড়িয়া বাজ ৰবিৰ কিৰণ।