পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৯
পুৰণি সঙ্গীত।

ব্ৰজত পৰিল জান  কৃষ্ণেসে সবাৰো প্ৰাণ
 নন্দ ঘৰে আসিলা হৰিষে।
কৃষ্ণমুখ পদ্মমধু নেত্ৰে পিয়া ব্ৰজবধূ
 কৃষ্ণ শিৰে কুসুম বৰিষে৷
দেখি নন্দ যশোদাৰ  আনৰ নাহি পাৰ
 কৃষ্ণক কোলাত লৈলা তুলি।
মৰি যেন আইল প্ৰাণ কৰে পুত্ৰ শিৰঘ্ৰাণ
 প্ৰেমৰসে মজিল সমূলি।
নিজ বৈৰী মাৰি হৰি  আসিলা কৌতুক কৰি
 দেখি সবে ভৈলা আনন্দিত।
মাধৱ মূৰুখমতি  কহে মোৰ হৰি গতি
 হৰি পাৱে নিমজোক চিত॥



২৪

ৰাগ—বেলোৱাৰ।


বিৰিন্দাবনে খেলে যশোদা নন্দ ললনা।
যো হৰি সকল ভূবন একু পালক, সো হৰি
   বনে বৎস পালনা।