পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৮
সঙ্গীত-কোষ।

১৪৮
মিশ্ৰ ঝিঁঝিট—একতালা।

বহু আশা পালি চকুৰে দেখিলোঁ
 পূৰ হল মনৰ ধাউতি হে।
(তোমাৰ ) চেনেহী জেউতী হিয়া পৰশিছে
 নেযাবা লাহৰি আঁতৰি হে।
হিয়াৰ কান্দনি  কইছে ভোমোৰা
 দিয়াঁহি জীৱন দান হে;
( আজি ) বসন্ত বতাহে  নিছে উটুৱাই
 ৰাখিবা যতনে প্ৰাণ হে।
বকুল ফুলেৰে প্ৰণয় ডোলেৰে
 আহাঁ প্ৰেম হাৰ দিওঁ হে;
(আজি) হিয়া ভৰি ভৰি হেৰা প্ৰাণ সখি
 মধুৰ অমিয়া পিওঁ হে॥
    বেণুধৰ ৰাজখোৱা; বি, এ।