পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৩
বিবিধ সঙ্গীত।

১২১
সাহানা-ঝাঁপতাল।*

সপিলোঁ এদিন নিজে ভাল-পোৱা যাক,
পাৰোঁনে ভুলিব আৰু ইজনমে তাক।
লয় লাসে খোজ কঢ়া, দেখিলেই মন হৰা,
সুৱলা মাতেৰে মাতি মোহে জগতক।
অলঙ্কাৰ বিভূষণ বিনা বস্ত্ৰে সুশোভন
আকৰ্ষি সবল কৰে চঞ্চল মনক।
হঠাতে এদিন আহি মাৰি মিচিকীয়া হাঁহি,
দেখা দি লুকালে মোৰ প্ৰবোধি হিয়াক৷
“পৰৰ হিংসাৰ চবি” “মোৰ প্ৰাণ-মন-ৰবি,”
এনে ভাব ধৰি, ভাল পাব পাৰা কাক?
    অজ্ঞাত–



* এই দুটা গান শ্ৰীযুত ৰামেশ্বৰ বৰুৱাই পঠাইছে;

লিখকৰ নাম নিদিলে।