পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৫
বিবিধ সঙ্গীত।

দেখিলোঁ ভােমােৰা,  গুন্ গুন সুৰে,
 প্রেমালাপ পাতি তােষে ফুলাফুলে,
দেখিলোঁ তটিনী,  কৰি কুলু ধ্বনি,
 সাগৰে মিলিছেগৈ।
দেখিলোঁ প্রেমিক,  প্রেমিকাৰ সেই–
 সুগুপুত ঠাই দিব্য মনােময়,
বিষয়ৰ কিন্তু,  এই সকলােতো,
 জুৰণি নহল হায়।
    বিষয়চন্দ্র বিশ্বাসী।


১২

খাম্বাজ-একতালা ।


(জৰণা)  মিলোঁ আহা আজি, মিলিছোঁ যি দৰে,
  নইৰ লগত অতি উলাহেৰে,
(ব্রহ্মপুত্র) আমিও মিলিম সাগৰত গই
  ইটিয়ে সিটিয়ে মিল হই হই;

* ইংৰাজীৰ কোনাে এটা গানৰ ভাব লই কৰা হৈছে।