পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
সঙ্গীত-কোষ।

একেশ্বৰ বাদী ভাষাৰ সাৰথি
 মাধৱৰ নামে পবিত্র বিলাব।
ভক্তিৰ আৰতি  স্নেহ শ্রদ্ধা প্রীতি,
 তেওঁকে আৰাধি, কি যে জনা যাব ॥
    ৰামেশ্বৰ বৰুৱা, বি, এ।

৩৯

জয় জয়ন্তী-ঝাঁপতাল।

কালৰ সোঁতত পৰি, মােহমায়া আদি কৰি,
বহিব লাগিছে নিতে ; প্রকৃতি জটিল গতি।
যায় দিন যায় ৰাতি, অবাধে সকলো কাটি
এনে কাল ধৰে যেয়ে, সেযে অতি মহামতি।
স্মৃতি ধৰি অতীজৰ, পুণ্য আত্মা “আনন্দৰ”
স্মৰণ উদ্দেশে আজি, মিলিছোঁ সকলো আমি।
ভক্তি শ্রদ্ধা হৃদে ধৰি, বীৰ পূজা লক্ষ্য কাৰ,
পূজাৰ আৰতি দিওঁ ভক্তিভাবে মনে নমি ।