পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
বিবিধ সঙ্গীত।

তেজে ফুটো ফুটো কৰে, মুনি জন মন হৰে,
আছে যদি ভাগ্যে হব স্বৰ্গসুখ মিলনে॥
    লক্ষীনাথ বৰা।

৩১

তুক্ক সুৰ-একতালা।

মালতীৰ এপাহি, বকুলৰ এপাহি,
 যুতিৰে এপাহি লৈ।
প্ৰেম গাঁথনিৰে প্ৰণয় ডোলেৰে
 আহাঁ মালা গাৰ্থোঁ গৈ॥
সোণালী ৰহণে তাতে জোনাবায়ে
 সুধা ঢালি দিব গৈ॥
ৰুক্মিণী সুন্দৰী শ্যাম গলে ধৰি
 ৰঙ্গেৰে পিন্ধাব গৈ॥
কুণ্ডিল নগৰী শোভিছে লগৰী
 শ্যাম ৰুক্মিণীকে লৈ।
যতেক সুন্দৰী এৰে ঘৰ-বাৰী
 শ্যামত বলীয়া হৈ॥
    লক্ষেশ্বৰ শৰ্ম্মা বি, এ।