পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
সঙ্গীত-কোষ।

এৰি হােম বলি দান
অতি নিৰমল, ভকতি ৰসাল
 অব্যক্ত ঈশ্বৰ ধ্যান;
শিকালে যি জনে
 সেই মহাজনে
মাধৱৰ তিথি আজি।
 গিৰীশচন্দ্র বৰদলৈ, বি, এ।

২৪

ললিত—একতালা।

বীৰ প্রসবিনী  অসম জননী
 আজি কিয দেখো এনুৱা দুখুনী।
তােমাৰ বুকৰ  পুৰুষ শঙ্কৰ,
 পবিত্ৰ পুৰুষ সুপবিত্র জ্ঞানী।
আজিৰ দিনত  পবিত্র পাদত
 কৰোঁ আহাঁ পূজা সৱে মিলি আমি,
অবােধ সন্তান  আমি হে অজ্ঞান
 ক্ষেমিবা সকলো লৰামতি জানি।
 জ্ঞাননাথ বৰা।