পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
সঙ্গীত-কোষ।

৭১

বেহাগ খাম্বাজ—ঢিমা তেতালা।

 সখি আশাতে ৰাখিছো, জীবন অমিয়া,
 এৰি দিব পাৰোঁ জানো থিতাতে।
তেওঁ নেকি আৰু  আহিব হে গুছি
 সুখ-ঢালি দিব হিয়াতে।
চকু মছি মছি  হাৰাসাস্তি হলো
 সুখ-আশা সাং হয় হে আৰু,
ৰাতি বহি বহি  তৰা গণি গণি
 কান্দি কেনেকৈ থাকোহে বাৰু।
তেওঁ বিনে কোনে  প্রেম-ডোলে বান্ধি
 চেনেহে লবহি কোলাতে॥
 লক্ষেশ্বৰ শৰ্ম্মা, বি, এ।