পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
প্রণয়-সঙ্গীত।

কানাড়া মিশ্র—একতালা।

দেখি আকাশৰ ছবি, ভাবোঁ বহি বহি,
 প্রাণ সখি মােৰ গ’ল এৰি।
আমন জিমন, জোনাই বয়ন,
 দেখি মােৰ মন যায় উৰি।
কান্দো মনে মনে,  মাতাে ঘনে ঘনে,
 ঘূৰি লগ ধৰোঁ কেনে কৰি ;—
নেদেখি এতিয়া,  বাজে মােৰ হিয়া,
 থাকো কিনো মতে প্রাণ ধৰি॥
 পদ্মনাথ বৰুৱা।

মাঝ—একতালা।

তুমি বলিয়া কিয় বলিয়া,
 হেৰা বলিয়ানী;
শােকে দুখে ভৰা হিয়া,
 হেৰা বলিয়ানী।