পৃষ্ঠা:সংস্কৃত নাটকৰ সাধু.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৃচ্ছকটিকা।

প্ৰথম অনুৰাগৰ হেঙ্গুলীয়া বোলেৰে গাল দুখনি বোলাই অভিসাৰিকাৰ লয়লাসেৰে সন্ধ্যা সমাগত। নিলগত নিশাৰ কৃষ্ণ পৰিচ্ছদ ৰিণি ৰিণি দেখা গৈছে। বাহিৰৰ কামত লাগি থকা লোকসকলে নিজ নিজ ঘৰলৈ খোজ লৈছে। এনে সময়ত উজ্জয়িনী নগৰীৰ কামদেৱৰ মন্দিৰৰ প্ৰাণত এজনী গাভৰু দেখা গ'ল। গাভৰ ৰ দেহত ৰূপযৌৱনৰ পয়োভৰ। মনোহৰ সাজ-পাৰ অ ৪ বহুমূল্য ৰত্নালঙ্কাৰে সেই ৰূপ চতুগুণে উজ্জল কৰি তুলি। তেওঁক দেখি মুগ্ধ নোহোৱাকৈ থকালোক কোনোবা ও নে নোলায়, সন্দেহ। তেও লাহে লাহে ৰাজ-আকি। ওলাই গজেন্দ্ৰ গতিৰে যাবলৈ ধৰিলে, নূপুৰৰ তালে তা। নিতম্বৰ নাচোনে তেওঁৰ ৰূপ-যৌৱন জীৱ কৰি তুলিলে।

হঠাৎ তিনিজন মানুহে তেওঁৰ পিচ ল'লে। মানুহ তিনিজনৰ এজন শকাৰ অৰ্থাৎ ৰজাৰ ৰক্ষিতাৰ ককায়েক নাম সংস্থানক। তেওঁ যেনে মূৰ্খ, তেনে অহঙ্কাৰী; ইফালে মদপীও। ৰাজ্যৰ শান্তি ৰক্ষাৰ ভাৰ তেওঁৰ ওপৰতে। বাকী দুজনৰ এজন তেওঁৰ লগৰীয়া, এজন লগুৱা।

কিছু বাট পিচে পিচে আহি লগৰীয়াজনে মাত