পৃষ্ঠা:সংস্কৃত নাটকৰ সাধু.djvu/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেনে কৰা হৈছে আৰু প্ৰয়োজন মতে ক'ৰবাত দুই-এশাৰী কথা যোৰাও লগোৱা হৈছে। অৱশ্যে লেখকে এইখিনি স্বাধীনতা গ্ৰহণ কৰিলেও নাটকৰ মূল কথাৰ যাতে লৰচৰ নহয় তালৈ বিশেষ লক্ষ্য ৰাখিছে। সেই কাৰণেই কোনো ঠাইত মূল ভাব সম্পূৰ্ণৰূপে ৰক্ষা কৰিব পৰা অসমীয়া প্ৰতিশব্দ নোপোৱাত মূল সংস্কৃত শব্দকে ৰাখি থ'ব লগা হৈছে,-যেনে সংবাহক, মুদ্ৰা, সুবৰ্ণভাণ্ড, শোধনক, কক ইত্যাদি।

সংস্কৃতত দৃশ্যকাব্যবিলাকৰ নাম বিশেষণ-স্বৰূপে ব্যৱহৃত হয়, তাৰ পিচত নাটক, প্ৰকৰণ, নাটিকা আদি শব্দ উহ্য থাকে। সেই কাৰণেই নাটক-প্ৰকৰণৰ নাম অভিজ্ঞানশকুন্তলম্‌, স্বপ্নবাৱদত্ত, মৃচ্ছকটিক ইত্যাদি আৰু নাটিকাৰ নাম প্ৰিয়দশিকা, ৰত্নাৱলী ইত্যাদি। অসমীয়াত কিন্তু কিতাপৰ নাম বিশেষ্য পদেৰেহে বুজোৱা হয়। সেই কাৰণে ইয়াত মূল কিতাপৰ নামটো ৰাখিলেও অসমীয়া ৰীতি-অনুযায়ী শকুন্তলা, স্বপ্ন বাসৱদত্তা, মৃচ্ছকটিকা লিখা হৈছে।

সংস্কৃত নাটকৰ সাধু লিখাৰ সঙ্কল্প লেখকৰ মনত যদিও কলেজত পঢ়া দিনৰে পৰা আছিল, তথাপি শ্ৰীযুত অমিয়কুমাৰ দাসে টানি নধৰা হ'লে সি কেতিয়াবা কাৰ্য্যত পৰিণত হ'লহেঁতেন নে নহ'লহেঁতেন কব নোৱাৰি। এতেকে এই পুথিৰ পৰা যদি অসমীয়া সাহিত্যৰ কিবা