এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাননী।
শীতলা।
বসন্ত ৰোগত শীতলাৰ স্তৱ স্তুতিৰ বাহিৰে অন্য মন্ত্ৰ বা ঔষধত গুণ নহয় এইটি সকলোৱেই জানে আৰু তাতে কেইজন মানে শীতলাৰ নিমিত্তে অনুৰোধ কৰা দেখি, বহু পুৰুষাৰ্থেৰে প্ৰাচিন পুথি বিচাৰি ৺জয়ৰাম কবিৰ ৰচিত পুথিৰ পৰা প্ৰকাশিলো। ইয়াত নানা তৰহেৰে স্তৱ, স্তুতি, নাম, পদ, ঘোষা আদিৰে ভাগে ভাগে লিখা আছে, কাগজ আৰু ছপাও উত্তম। বেচ ৶৹ তিনি আনাৰ ঠাইত ৴৹ অনা মাথোন।
⸻
ধৰ্ম্ম সংবাদ।
ধৰ্ম্ময় চণ্ডাল বেশেৰে মহাৰাজ যুধিষ্ঠিৰক ছলনাৰ প্ৰশ্ন স্বৰূপে গৃহাশ্ৰমী সকললৈ দিয়া ধম্মোপদেশ পূৰ্ণ গ্ৰন্থ। ৺ শিবসিংহ ৰজাৰ আদেশ মতে ৺ কবি দ্বিজ নাথে মহাভাৰতৰ অন্তৰ্গত অশ্বমেধ পৰ্ব্বৰ পৰা অসমীয়া পদত লিখা। বেচ ৷৹ এমহাৰ ঠাইত ৴৹ এক আনা মাথোন।
শ্ৰীনন্দেশ্বৰ চক্ৰবৰ্ত্তী। |