পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উপযুক্ত কৰিবৰ অৰ্থে ওচৰৰ সংস্কৃত চতুষ্পাঠীত পঢ়িবলৈ দিয়ে আৰু দ্বিতীয় পুতেক শৰৎচন্দ্ৰক নলবাৰী মাইনৰ স্কুলত পঢ়ায়; কিন্তু বৰ পুতেকে দ্বিতীয় বাৰ্ষিক পৰীক্ষা দিয়াৰ আগতেই তেওঁ স্বৰ্গী হয়, তেতিয়া শৰৎচন্দ্ৰ বয়স মাত্ৰ ১০।১২ বছৰ।

 শৰৎচন্দ্ৰ গোস্বামীৰ সম্বন্ধবোৰৰ বন্ধন অতি গভীৰ আছিল। পিতা-মাতাৰ প্ৰতি তেওঁৰ অগাধ ভক্তি আৰু শ্ৰদ্ধা আছিল। ৪ প্ৰীতিৰ সম্বন্ধ দদাকৰ প্ৰতিও তেওঁৰ অসীম শ্ৰদ্ধা আছিল যদিও বাহিৰত প্ৰায় সমনীয়াৰ দৰে ব্যৱহাৰ কৰিছিল। দদাকৰো সহোদৰলৈ অশেষ স্নেহ আৰু প্ৰীতিভাব আছিল। পিতৃ হঠাৎ স্বৰ্গী হলত শ্ৰীযুত প্ৰতাপচন্দ্ৰ গোস্বামীয়ে ভায়েকৰ পঢ়া বন্ধ নকৰি ভায়েকক কেনেকৈ উচ্চ শিক্ষা দিয়াব পাৰে তাকেহে জীৱনৰ লক্ষ্য কৰি চলিবলৈ ধৰে। ভাই-ককায়েকৰ ভিতৰত প্ৰীতি, ভাতৃবৎসল ভাব আৰ্হি লবলগীয়া।

 ১৯০০ চনত শৰতে নলবাৰী মাইনৰ স্কুলৰপৰা বৃত্তিলাভ কৰি গুৱাহাটী কলেজিয়েট স্কুলত ভৰ্ত্তি হয়;

আৰু তাত চাৰি বছৰ পঢ়ি বৃত্তিলাভ কৰি কটন কলেজত