লোকে তেওঁলোকৰ নাম লৈ চকুপানী টোকে। আমাৰ
শৰৎচন্দ্ৰ এই শ্ৰেণীৰ জীৱ আছিল; আজি অসমৰ
এমূৰৰপৰা আন মূৰলৈকে শৰতৰ নাম উচ্চাৰিত হলে
সকলোৱে বেজাৰ কৰে —তেওঁ যেন আৰু বহু বছৰ জীয়াই
থাকিব লাগিছিল, তেওঁ দেশৰ হকে যি কৰিলে আৰু
যেন বহু কৰিবলৈ কাল নাপালে।
শৰৎচন্দ্ৰ গোস্বামী নলবাৰী সত্ৰৰ পণ্ডিত ললিতচন্দ্ৰ গোস্বামীদেৱৰ ২য় পুত্ৰ। তেওঁলোকৰ চাৰি ভাই-ককাই আছিল, নাবালক ৩ পৰিচয় অৱস্থাতেই দুটি ভায়েক ঢুকোৱাত শৰৎ পিতৃ-মাতৃৰ বৰ আদৰুৱা হৈছিল। পিতৃ এজন সাধু আৰু পণ্ডিত লোক আছিল আৰু তেওঁৰ মাতৃ মুকুন্দপ্ৰিয়া দেবী পুণ্যশীলা আছিল। এওঁলোকে ওচৰ কাষৰৰ সকলোকে স্নেহেৰে বশীভূত কৰিছিল। পণ্ডিত গোস্বামীৰ আৰ্থিক অৱস্থা সিমান সচ্চল নাথাকা স্বত্বেও শিষ্য-প্ৰশিষ্য, আন আই-অতিথি যিমানেই ঘৰত উপস্থিত হৈছিল, সকলোকে মিঠা কথা কৈ আৰু খুৱাই আনন্দ লাভ কৰিছিল। শৰৎচন্দ্ৰৰ দাদা শ্ৰীযুত প্ৰতাপচন্দ্ৰ গোস্বামী ধৰ্মভূষণ
তিনি বছৰে মাত্ৰ ডাঙৰ। পিতাকে এখেতক ধৰ্মাচাৰ্য্যৰ