পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শৰৎচন্দ্ৰ গোস্বামী

 প্ৰায় পাঁচ শ বছৰ আগৰ বঙ্গদেশত আবিৰ্ভাৱ হোৱা নিমাই-নিতাইৰ কথা বহুতে জানে। নিতাইৰ আচল নাম আছিল ১ বংশ পৰিচয় নিত্যানন্দ। আমাৰ শৰৎচন্দ্ৰ নিত্যানন্দৰ বংশত ১৮০৯ শঁকৰ বহাগ মাহত জন্মিছিল আৰু যোৱা ১৮৬৬ শঁকৰ পুহ মাহৰ শুক্লা পঞ্চমী তিথিত (১৯৪৪ চন ১৯ ডিচেম্বৰ) বৈকুণ্ঠগামী হয়।

 জগতলৈ বহু জীৱ আহিল, বহু গল—বহুতৰ চিন- চাব নাথাকিল—পানীৰ বুৰবুৰণিৰ দৰে পানীত উঠিল আৰু পানীতেই ২য় জীৱনৰ মূল্য মাৰ গল; কিন্তু সময়ে সময়ে এনে একোটি জীৱে পৃথিবীত দেখা দিয়ে যে তেওঁলোক লোকচকুৰ আঁতৰ

হলেও তেওঁলোকৰ কৰ্ম্মবোৰে বহুত দিনলৈকে তেওঁলোকৰ নাম উজ্জ্বল কৰি ৰাখে আৰু পৰবৰ্তীকালৰ