পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সামৰণি
 


চৰকাৰী কামৰ মাজেদিয়েই দেশৰ মানুহ গঢ়ি তোলা কথা সদায় মনত ৰাখিছিল; তেখেতৰ লোকসেৱা–ব্ৰত, জন শিক্ষাত উৎসাহ, জ্ঞান বিস্তাৰত আগ্ৰহ আৰু নানা লোকহিতকৰ কামলৈ স্বাভাৱিক অনুৰাগৰ ফলত জন- সাধাৰণৰ লগত তেখেত ঘনিষ্ঠভাৱে মিলি গৈছিল। দৃঢ়চেতা, ধৰ্মপ্ৰাণ, সৰল, আড়ম্বৰহীন, অমায়িক গোস্বামীদেৱৰ ব্যৱহাৰত সকলোৱেই আনন্দ পাইছিল। জনসাধাৰণৰ স্বাৰ্থকেই স্বকীয় স্বাৰ্থ বুলি বিশ্বাস কৰা, উপৰিস্থ কৰ্মচাৰীৰ প্ৰতি অনুগত অথচ ন্যায় বুলি বুজা কথা দৃঢ়চিত্তে দাঙি ধৰিবলৈ পৰাংমুখ নোহোৱা গোস্বামীদেৱে নিজ কৰ্ত্তব্যত অবিচলিত থাকি শৃঙ্খলাভাৱে সকলো কাম সম্পাদন কৰিছিল। অনুষ্ঠানৰ প্ৰতি আনুগত্য, সৰল, শৃঙ্খলা ৰক্ষা কৰা আৰু অবিচলিতভাৱে কামত লাগি থকা স্বভাৱৰ গুণতেই গোস্বামীদেৱে চৰকাৰী চাকৰি আৰু জন- হিতক অনুষ্ঠানবোৰত নিজৰ ব্যক্তিত্ব ফুটাই তুলিৰ পাৰিছিল। এনে পুৰুষ দেশে আৰু কেতিয়া লাভ কৰিব কব পৰা নাই।

—অন্ত—

৩১