পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্ৰ
 


 গোস্বামীদেৱে প্ৰতিদিন ডাকত নানাবিষয়ৰ বহুতো ব্যক্তিগত পত্ৰ পাইছিল আৰু ইমান কামৰ মাজতো প্ৰায় সকলো পত্ৰৰেই ২১ বহুমুখী প্ৰতিভা আৰু প্ৰতিশোধ তেখেতে উত্তৰ দিছিল। কেতিয়াবা শাৰীৰিক অসুস্থতাৰ বাবে বহুত চিঠি গোট খালে নিজে উত্তৰ দিয়াত বিলম্ব হব পাৰে বুলি আনৰ হতুৱাই উত্তৰ দিয়াইছিল; এনে সময়ৰ বেচিভাগ চিঠিৰ উত্তৰ তেখেতৰ সহকৰ্মী হৈ থকা কালত আমি দিবলগীয়াত পৰিছিলোঁ।

 কোনো কোনো সময়ত আত্মীয়-স্বজনে পুত্ৰ বা আত্মীয়ৰ বাবে চাকৰি নাপাই গালি বৰষি দিয়া পত্ৰও তেখেতে পঢ়িব লগাত পৰিছিল। সুখৰ বিষয় এইবোৰ পত্ৰ পঢ়াত তেখেতৰ মনৰ ভাব বিকৃত হোৱা নাছিল। কোনো সময়ত চাকৰি নাপাই বা বদলি বিচাৰি নিৰাশ হৈ কিছুমানে তেখেতক গালি শপনিও পাৰিছিল; এইবোৰত তেখেত ক্ৰুদ্ধ নহৈ সুযোগ মতে সিবিলাকৰ অভিলাষ পূৰ্ণ কৰিবলৈহে চেষ্টাত আছিল। এসময়ত ডিপুটী ইন্সপেক্টৰ আৰু হেড্‌ মাষ্টৰসকলৰ সন্মিলনীত চৰকাৰী চাকৰি নেপোৱা কৃতবিদ্য ডেকা এজনৰ অশোভন