পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বহুমুখী প্রতিভা
 

তেখেতে এই অভাজন লিখকলৈ লিখা এখন চিঠি নকল তলত দিয়া হল—

নাৰায়ণপুৰ, চিলং
১০-৮-৩৪



শ্ৰীমান হৰিনাৰায়ণ,

  

 প্ৰাইমাৰী শিক্ষাৰ বিষয়ে তোমাৰ যি কবলগীয়া সংক্ষেপ কৰি লেখি জনাবা। (১) আমাৰ স্কুলবিলাকলৈ ছাত্ৰ আৰু অভিভাবক আগ্ৰহ নাই কিয়? (২) শিক্ষাৰ কি উন্নতি কৰিব পাৰি? (৩) শিক্ষকসকলৰ দৰমহা কিমান হোৱা উচিত? (৪ দৰমহাৰ উপৰি তেওঁলোকক কি কি সুবিধা লাগে? (৫) বোৰ্ডৰ হাতৰপৰা প্ৰাইমাৰী শিক্ষা কাৰ হাতলৈ নিব পাৰি? তাৰ কৰ্ত্তা কোন হব লাগে? (৬) পৰিদৰ্শন কেনে হব লাগে? Matrio Third year Sub-Inspector হলে দৰমহা কিমান হব লাগে? ইত্যাদি কথা সোনকালে লিখিবা৷ ইতি—

তোমাৰ—
শৰৎ