তেখেতে চাকৰী কালতেই প্ৰকাশ কৰিছিল। “চন্দ্ৰকান্ত
অভিধান’’ত বহুতো অসমীয়া শব্দ বাদ পৰা দেখি তেখেতে
“কামৰূপীয় শব্দকোষ” নামৰ এখনি সুবৃহৎ অভিধান
সংকলন কৰিবলৈও হাতত লৈছিল। এই অভিধান সংকলন
কাৰ্য্যত আমি আৰু শ্ৰীযুত উমাকান্ত মিশ্ৰদেৱ নিযুক্ত
হৈছিলোঁ; ইয়াৰ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ কেৱল ‘গ’
আখৰলৈকে মাত্ৰ লিখা হৈছিল। “অতুল-কথামালা”ৰ
সম্পাদন কাৰ্য্যও তেখেতৰ এটা অমূল্য দান।
গোস্বামীদেৱৰ প্ৰতিভা বহুমুখী আছিল; তেখেতে যি কামতে ধৰিছিল তাতেই তেখেত ২১ বহুমুখী প্ৰতিভা কৃতকাৰ্য্য হৈছিল। তেখেত সদায় নানা কামত আৱদ্ধ থাকিলেও আৰু আপুৰুগীয়া শিক্ষাৰ হেঁপাহ থকা স্বত্বেও তেখেতক সাক্ষাত কৰিবলৈ যোৱা ছাত্ৰ, শিক্ষক, চাকৰি বিচৰা মানুহ, বন্ধু-বান্ধৱ কোনো বিমুখ হোৱা নাছিল। তেখেত কেতিয়াবা গা ধুবলৈ ওলাওঁতেও কোনো মানুহ অহা শুনিলে গা নুধুই দেখা কৰিছিল। কেতিয়াবা ৫।৬ ঘণ্টা অফিচৰ কাম কৰি আহি ঘৰ সোমাওঁতেও যদি কোনো মানুহ উপস্থিত হয়,
তেওঁকো সমিধান দিবলৈ আহুকাল বোধ নকৰিছিল।