বঙালী কাকত, ইংৰাজী, অসমীয়া, বঙালী উৎকৃষ্ট মাহিলি পত্ৰিকা পঢ়িছিল। যেতিয়া যি ভাল গ্ৰন্থ প্ৰকাশ হোৱা সংবাদ পাইছিল, তেতিয়াই সেই কিতাপ অনাই তেখেতৰ পুথি ভঁৰালত ৰাখিছিল। কিতাপ তেখেতে প্ৰায়ে ৰাতি খাই উঠি পঢ়িছিল। কলেজৰ ছাত্ৰৰ দৰে এইদৰে নিতৌ পঠিৰ অভ্যাস ৰখাৰ ফলত তেখেতৰ জ্ঞান উত্তৰোত্তৰ বাঢ়ি গৈছিল। সেই কাৰণে যি কোনো পণ্ডিতৰ লগত আলাপ কৰাত গোম্বামীদেৱে নিজৰ পাণ্ডিত্য ফুটাই তুলিব পাৰিছিল। গোস্বামীদেৱৰ গভীৰ আন দেখি বহুত বন্ধু-বান্ধৱে তেখেতৰ নামৰ পাচত বি-এ লিখিবলৈ পছন্দ কৰা নাছিল; পাচত গৱৰ্ণমেন্টে তেখেতৰ কৰ্মদক্ষতাৰ পৰিচয় স্বৰূপ I. S. 0. উপাধি দিয়াৰ পাচতহে I. S 0. লিখি সান্তুনা লাভ কৰে। কামৰূপৰ পৰা পণ্ডিতমণ্ডলীয়ে তেখেতৰ পাণ্ডিত্যৰ অলঙ্কাৰস্বৰূপ “বিদ্যানিধি” উপাধি দি সন্তোষ লাভ কৰে।
গোস্বামীদেৱ এজনা সুসাহিত্যিক পুৰুষ আছিল। বাল্য কালৰপৰাই তেখেতে পোনতে সাহিত্য চৰ্চা ঘৰত ২০ সাহিত্য চৰ্চা দদাকৰ লগত, পাচত সাময়িক পত্ৰিকাৰবাৰত প্ৰৱন্ধ লিখি সাহিত্যচৰ্চা কৰিবলৈ ধৰে।