পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শৰৎচন্দ্ৰ সহধৰ্মিনীক লগত লৈ উপস্থিত হৈছিল; গোস্বামীদেৱে এইদৰে তেখেতসকলক আনন্দ দিয়াৰ উপৰিও নানা সজ পৰামৰ্শ দিছিল আৰু আৱশ্যক হলে নানা বিষয়ে সহায় কৰিছিল।

 গোস্বামীদেৱে চৰকাৰী কামকেই প্ৰধানকৈ ধৰিছিল যদিও বন্ধু-বান্ধৱ আৰু জনসাধাৰণক ১৮ সদালাপ নানা সজ পৰামৰ্শ দিয়াটো এটা কৰ্ত্তব্যৰ ভিতৰত বুলি ধৰিছিল; সেই কাৰণে তেখেত য’তে নাথাকক বন্ধু-বান্ধৰ আৰু আন লোকৰ সমাগম বহুতো হৈছিল। ইয়াৰ উপৰিও তেখেতে মাজে সময়ে সন্ধ্যাৰ পাচত সহধৰ্মিনী, কন্যা, ভতিজা আৰু দুই এজন অন্তৰঙ্গ বন্ধুৰ লগত একেলগে বহি নানা আলাপ আলোচনা কৰাত সময় অতিবাহিত কৰিছিল। এই আলাপত দেশৰ নানা হিতকৰ কামৰো আলোচনা হৈছিল। আলোচনাত তেখেতে সকলোকে স্বাধীনভাৱে তৰ্ক-বিতৰ্ক কৰিবলৈকো সুবিধা দিছিল।

 গোস্বামীদেৱে এটি অমূল্য পুথিৰ ভঁৰাল সদায় লগত ৰাখিছিল।তেখেতে নিতৌ এখন

১৯ পুথিৰ ভঁৰাল আৰু পাণ্ডিত্য দৈনিক ইংৰাজী কাকত, অসমীয়া,

২২