পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সামাজিকতা
 

কৰা দেখিলে তেখেতে সেই বিষয়ত আৰু উন্নতি কৰি বলৈ নানাভাবে সাহায্য কৰিছিল। পুথিবছা কমিটিৰ তেখেত চেক্ৰেটৰী আৰু প্ৰেচিডেণ্ট হৈ থকা কালত গোস্বামীদেৱৰ সম্পৰ্কত থকা লোকৰ কোনো পুথি নিৰ্বাচনত পৰিলে কমিটিত তেখেত নিমাত থাকি আন আন সভ্যসকলৰ মতামত মতেই চলিছিল; ন্যায়ৰপৰা পিছলি তেখেতে জীৱনত কাকো অনুগ্ৰহ দেখুৱা আমাৰ চকুত পৰা নাছিল।

 গোস্বামীদেৱ সদায় নিকা হৈ চলিছিল। তেখেতে পৰিপাটিভাৱে সাজপোছাক পিন্ধিছিল। সকলো বস্তু পৰিপাটিকৈ ৰখাও তেখেতৰ এটা এৰাব নোৱাৰা অভ্যাস আছিল৷ কিন্তু সেই বুলি আমাৰ দৰে লেতেৰা, বিশৃঙ্খল ১৭ সামাজিকতা সাধাৰণ মানুহৰ জুপুৰিলৈও নহাকৈ নাছিল; আন কি এই নিচিনা ঘৰত মাজে সময়ে জা-জলপান নকৰাকৈও নাছিল। তেখেতে যাৰে ঘৰলৈ গৈছিল তাতেই খাবলৈ দিয়া বস্তু ৰংমনে খাই তৃপ্তিলাভ কৰিছিল। কেতিয়াবা কোনো বন্ধু-বান্ধৱৰ বা সহকৰ্মীৰ ঘৰত জ্বৰ-নৰিয়া, আনন্দ-উৎসৱ হলে সাত কাম পাছ কৰিও নিজে প্ৰায়ে

২১