পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্র
 


দিছিল; আৰু তেখেতৰ উপদেশ শুনি চলা লোকক কৃতকাৰ্য্য হোৱা দেখিলে পৰম আনন্দলাভ কৰিছিল। তেখেতে স্কুল পৰিদৰ্শন কৰোঁতে শিক্ষকসকলক, বিশেষকৈ নৰ্মাল পাছ শিক্ষকসকলক উচ্চ শিক্ষাৰ বাবে উৎসাহ দিছিল। তেখেতৰ উদগনিতেই বহুতো তৃতীয় বাৰ্ষিক পাছ শিক্ষকে ঘৰতে পঢ়ি মেট্ৰিক, আই-এ, বি-এ আৰু এম-এ পাছ কৰিছিল। তেখেতৰ সুযোগ্য ছাত্ৰ তৃতীয় বাৰ্ষিক নৰ্মাল পাছ মান কালীৰাম বৈশ্য এম-এ, বি-টিৰ নাম ইয়াতে উল্লেখ কৰি থলোঁ।

 গোস্বামীদেৱে উপৰিস্থ কৰ্মচাৰী হৈ স্কুল বা অফিচত সকলোৰে কামত চোকা দৃষ্টি ৰাখিলেও অন্তৰত ১৬ সহকৰ্মীসকলৰ লগত ব্যৱহাৰ সকলোৰে লগত ভাতৃভাৱ ৰাখিছিল আৰু তেওঁলোকৰ সুখ-দুখত সদায় সহানুভূতি দেখুৱাইছিল। টানে-আপদে সহায় পাবলৈ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ ভিতৰত এখন সমবায় সমিতিও তেখেতে স্থাপন কৰি দিছিল। চৰকাৰী কাম চলোৱাত তেখেতে ন্যায়নিষ্ঠ আছিল যদিও ক্ষমতাৰ অপব্যৱহাৰ সমূলি নকৰিছিল। সহযোগ

কৰ্মীসকলৰ কোনোজনে কিবা বিশেষ চকুত লগা কাম

২০