গোস্বামী” বুলিলেই নৰ্মাল স্কুল আৰু সাহিত্য সভাক বুজোৱা হৈছিল। আমাৰ পৰম সৌভাগ্য, যে আমি তেখেতৰ সহকাৰী শিক্ষকৰূপে নৰ্মাল স্কুলত আৰু সহকাৰী সম্পাদক হিচাবে সাহিত্য সভাত ভালেমান বছৰ কাম কৰিবলৈ সুযোগ পাইছিলোঁ৷ স্কুল ইন্সপেক্টৰ হৈ থকা কালতো গোস্বামীদেৱ সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সভাৰ সভ্যৰূপে থাকি সভাৰ যাৱতীয় কাৰ্য্যত অশেষ সহায় কৰিছিল।
স্কুল ইন্সপেক্টৰ হৈ থকা কালত তেখেতে শিক্ষক সকলৰ আৰ্থিক অবস্থা উন্নত কৰাৰ অৰ্থে প্ৰায়ে লিখা-লিখি কৰি আছিল। ১৫ স্কুল ইন্সপেক্টৰতেখেতে নৰ্মাল তৃতীয় বাৰ্ষিক পাছ কৰা শিক্ষকসকলক স্কুল চব ইন্সপেক্টৰ কৰি দিয়াৰ পক্ষপাতী আছিল; আৰু সেই অৰ্থে নিজে যত্ন কৰাৰ উপৰিও আনৰ হতুৱাই নানাভাৱে যত্ন কৰোৱাইছিল। শেষত তেখেতৰ যত্নতেই ১৯৪১ চনত দুজন নৰ্মাল পাছ শিক্ষকক এচিষ্টেন্ট চব ইন্সপেক্টৰ কৰি দিয়াবলৈ সমৰ্থ হৈছিল।
তেখেত নিজে যেনে উচ্চাভিলাষী আৰু শিক্ষাব্ৰতী আছিল, আনকো তেনে হবলৈ সুবিধা পালেই উপদেশ