পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্ৰ
 

দান লৈ সাহিত্য সভাত “নৰদেৱ ট্ৰাষ্ট ফণ্ড” কৰি বৈষ্ণৱ সাহিত্য প্ৰকাশৰ আৰু মাহাৰাসত্ৰৰ ৰাধাকান্ত গোস্বামীদেৱৰপৰা দুহাজাৰ টকা লৈ “কমলাদেৱী ট্ৰাষ্ট ফণ্ড” কৰি শিশু-সাহিত্য প্ৰকাশৰ ব্যৱস্থা কৰোৱায় ইয়াৰ উপৰি অসম গৱৰ্ণমেণ্টলৈ লিখা–লিখি কৰি সাহিত্য সভাৰ অফিচ আদি চলাবলৈ হাজাৰ টকাৰ বাৎসৰিক গ্ৰ্যাণ্ট আৰু সভাৰ পুথি-ভঁৰালৰ বাবে এককালীন দুহাজাৰ টকাৰ গ্ৰ্যান্ট মঞ্জুৰ কৰায়। তেখেতৰ যত্নত সাহিত্য সভাৰপৰা “অসম সাহিত্য সভা পত্ৰিকা” নামে সভাৰ এখনি মুখপত্ৰও ওলাইছিল; আৰু পণ্ডিত শ্ৰীযুত প্ৰতাপচন্দ্ৰ গোস্বামীদেৱৰ হতুৱাই কোচবিহাৰ অঞ্চলৰ আৰু এই লিখকৰ হতুৱাই উজনী আৰু মধ্য অসমৰ কিছুমান সত্ৰৰ প্ৰাচীন পুথিবোৰৰ তালিকা সংগ্ৰহ কৰোৱাইছিল। এইদৰে গোস্বামীদেৱৰ যত্নতেই অসম সাহিত্য সভাখন সুপ্ৰতিষ্ঠিত হৈ উঠে।

  গোস্বামীদেৱে নৰ্মাল স্কুল আৰু অসম সাহিত্য সভাত এইদৰে ঐকান্তিকভাৱে খটাৰ ফলতেই দুয়োটা প্ৰতিষ্ঠানেই চকুত লগা হোৱাৰ লগে লগে নৰ্মাল স্কুল আৰু

সাহিত্য সভা বুলিলে “শৰৎ গোস্বামী” আৰু “শৰৎ

১৮