পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কৰ্ত্তব্যনিষ্ঠা
 


এই সভাৰ প্ৰধান সম্পাদক থকা কালত দাতা ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াই দেশৰ জনহিতকৰ কামৰ অৰ্থে দান আগ বঢ়ায়। তাকে শুনি গোস্বামীদেৱে পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ সৈতে সন্দিকৈ ডাঙৰীয়াৰ কাষ চাপে আৰু তেখেতক কৈ “অসম সাহিত্য সভালৈ” সেই দান দিওৱাৰ সম্মতি কৰোৱায়। গোস্বামীদেৱ সাহিত্য সভাৰ প্ৰধান সম্পাদক হৈ থকাৰ সময়তেই সাহিত্য সভাৰ অফিচ যোৰহাটত স্থায়ীভাৱে ৰখাৰ নিয়ম কৰোৱায় আৰু ৰায়বাহাদুৰৰ দানেৰে “চন্দ্ৰকান্ত সন্দিকৈ হল” নাম দি সাহিত্য সভাৰ বাবে এটি ধুনীয়া ঘৰ সজোৱায় আৰু তাতেই “চন্দ্ৰকান্ত অভিধান” নামে এখনি সুবৃহৎ অভিধান সঙ্কলন কৰোৱায়।

 প্ৰধান সম্পাদক গোস্বামীদেৱে লিখা–লিখি কৰি অসম উপত্যকাৰ প্ৰধান ঠাইবোৰত শাখা সাহিত্য সভা স্থাপন কৰোৱাই অসম সাহিত্য সভাখনি সুগঠিত কৰি তোলে। এই সময়তেই পণ্ডিত হেমচন্দ্ৰ গোস্বামী, যুত চন্দ্ৰধৰ বৰুৱা, শ্ৰীযুত কুলধৰ চলিহা, ৰায়বাহাদুৰ

যুত হেড়ম্বপ্ৰসাদ বৰুৱা আদিৰ সৈতে লগহৈ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰাধিকাৰ গোম্বামীদেৱৰপৰা পাঁচ হাজাৰ টকা

১৭