স্কুল আৰু বোৰ্ডিঙৰ নিয়ম প্ৰণালীবোৰ তেখেতে বহুত ভাবি চিন্তি এনে ভাৱে প্ৰচাৰ ১৪ কৰ্ত্তব্যনিষ্ঠা কৰিছিল, যে তাক পাচত পৰিবৰ্ত্তন কৰিবলগা নহৈছিল আৰু তেখেতৰ কাৰ্যকালত সেই নিয়মবোৰ কোনোৱেই লঙ্ঘন কৰিবলৈ সাহ নকৰিছিল। তেখেতে নিজে যেনেকৈ স্কুলৰ স্বাৰ্থকেই স্বকীয় স্বাৰ্থ
বুলি ভাবিছিল—সহকাৰী শিক্ষকসকলেও তেখেতৰ
অনুপ্ৰেৰণাত অনুপ্ৰেৰিত হৈ স্কুলৰ স্বাৰ্থকেই প্ৰথম স্থান
দিছিল। তাৰ ফলত প্ৰত্যেক শিক্ষকেই নৰ্মাল আৰু
প্ৰ্যাক্টিচিং স্কুলবোৰ নিজা অনুষ্ঠান বুলি বোধ কৰিছিল।
এই কাৰণে যোৰহাট নগৰত সেই সময়ৰ নৰ্মাল স্কুলৰ
আসন সকলোৰে আগত আছিল আৰু নৰ্মাল স্কুলৰ
ছাত্ৰ-শিক্ষক বুলিলেই সকলোৰে শ্ৰদ্ধা আকৰ্ষণ কৰিছিল।
তেখেত নৰ্মাল স্কুলত থকা কালত ভাৰত গৱৰ্ণমেণ্টৰ
শিক্ষাবিভাগীয় কমিচনাৰে এই স্কুল পৰিদৰ্শন কৰি “এনে
সুপ্ৰতিষ্ঠিত আৰু পৰিচালিত নৰ্মাল স্কুল ভাৰতৰ ক’তো
দেখা নাই” বুলি মত প্ৰকাশ কৰি আনন্দ লাভ কৰিছিল।
গোস্বামীদেৱৰ কৰ্মকুশলতা ফুটি উঠিছিল এই সময়ৰ
আন এটা কাম “অসম সাহিত্য সভাত। তেখেত