পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্ৰ
 

লোকসকলকো মাজে সময়ে নিমন্ত্ৰণ কৰি আনি বক্তৃতা দিওৱাইছিল। দূৰৰপৰা কোনো জ্ঞানী, সাধুলোক আহিলে তেওঁ নৰ্মাল স্কুলত বক্তৃতা নিদিয়াকৈ যাব নোৱাৰিছিল। “জ্ঞান দায়িনী” সভাৰ যোগে নৰ্মাল স্কুলৰপৰা “প্ৰভাত” নামে এখন আলোচনী প্ৰকাশ কৰিছিল। বহু বছৰ আমিয়েই এই আলোচনীৰ সম্পাদন কাৰ্য্য কৰিছিলোঁ।

 গোস্বামীদেৱে নৰ্ম্মাল স্কুলত এটা সৰু “মিউজিয়ম” তৈয়াৰ কৰিছিল; এই মিউজিয়মত নানাবিধ ধান, শিল, এড়ী, মুগা, শামুক, কৃতীছাত্ৰবিলাকৰ উৎকৃষ্ট হাতৰ কাম; যেনে—দেশৰ বৰ লোকসকলৰ ছবি, গ্লোব, মেপ, নানাবিধ কাঠ, বাঁহ আৰু বেতৰ কাম তাত সুন্দৰভাৱে সজাই ৰখা হৈছিল।

 তেখেতে স্কুলত নানাবিধ খেল-ধেমালিৰ ব্যৱস্থা কৰাৰ উপৰিও কিছুমান ল'ৰাক পালোৱানি শিকিবলৈও সুবিধা দিছিল। ইয়াৰ উপৰিও ল'ৰাবিলাক ব্ৰাহ্ম্যমুহূৰ্ত্ততে উঠি কছৎ কৰা, নিজে সকলো কাম কৰি ৰান্ধি-বাঢ়ি খোৱাৰ নিয়ম বান্ধি দিছিল। বোৰ্ডিঙৰ ছাত্ৰসকলে যাতে নিজৰ শোৱা-কোঠালি, উৰা- পিন্ধা কাপোৰ আৰু বিছনাৰ

কাপোৰ চাফ-চিকণকৈ ৰাখে, তালৈ তেখেতে চোকা

১৪