নিৰাশ্ৰয় লোকৰ শ শতকাৰৰ আৱশ্যক হলে সকলো
ছাত্ৰ-শিক্ষক গৈ সংকীৰ্ত্তন কৰি শ দাহ কৰিছিল।
আশ্ৰয়হীন লোকক আম্পাটালত ৰখাই নৰ্ম্মাল স্কুলৰ
ল’ৰাই পালপাতি পৰ দিছিল। নগৰৰ কোনো লোকে
বিয়া-সবাহত সহায় বিচাৰিলে নৰ্মাল স্কুলৰ ল'ৰা গৈ
বিয়াৰ সকলো প্ৰকাৰ কামত গাৰে খাটি দিছিল। স্কুলত
ছাত্ৰবিলাকৰ এটা ধনৰ ভঁৰাল ৰাখিছিল; এই ভঁৰালৰপৰা
অৱস্থাহীন ছাত্ৰৰ ঔষধ-পথ্য আদি দিওৱাৰ ব্যৱস্থা কৰিছিল।
বছৰৰ শেষত লৰাবিলাক ঘৰলৈ যোৱাৰ আগতে ছাত্ৰ-
ভঁৰালৰ ধনেৰে এটা ডাঙৰ প্ৰীতিভোজ পাতিছিল;
এই ভোজলৈ নগৰৰ বিশিষ্ট লোকসকলকো সময়ে সময়ে
নিমন্ত্ৰণ কৰিছিল। প্ৰতি তিথি-মহোৎসৱত বোৰ্ডিঙত
ডাঙৰকৈ নাম-প্ৰসঙ্গ কৰাৰ নিয়মো তেখেতে বান্ধি
দিছিল।
স্কুলত “জ্ঞান দায়িনী” আৰু “ধৰ্মালোচনী” নামৰ দুখন সভা আছিল। প্ৰতি শনিবাৰে ছাত্ৰ-শিক্ষকসকল ইয়াত গোটখাই নানা বিষয়ৰ আলোচনা কৰিছিল। এই সভাত গোস্বামীদেৱ প্ৰায়ে উপস্থিত থাকি একোটা
সাৰগৰ্ভ বক্তৃতা দিছিল। এই সভালৈ নগৰৰ কৃতবিদ্য