পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্র
 


মাহিলি ৩০্‌ টকা আৰু হাইস্কুলৰ অসমীয়া ভাষাৰ শিক্ষক মাহিলি দৰমহা আৰম্ভ হোৱাৰ ব্যৱস্থা হয় ৪০্‌ টকা। এইদৰে তেখেতে শিক্ষকৰ অৱস্থা উন্নত কৰিবলৈ যেতিয়াই যি সুযোগ পাইছিল তাক নখটোৱাকৈ এৰি দিয়া নাছিল; কিন্তু অসৎ চৰিত্ৰ, মিছলীয়া, ফাঁকি দিয়া লোকক তেখেতে সমূলি ভাল নাপাইছিল, সেই বুলি সিবিলাকৰ অনিষ্ট চিন্তা নকৰিছিল, বৰং চৰিত্ৰ শুধৰাবলৈ পৰাখিনিত সুবিধা দিবলৈ পাচ নুহুহকিছিল।

 গোস্বামীদেৱে নৰ্ম্মাল স্কুল পৰিচালনা কৰোঁতে ল’ৰাবিলাকৰ আগত উচ্চ আদৰ্শ দাঙি ১২ নৰ্মাল স্কুল পৰিচালনা ধৰাৰ লগে লগে ল’ৰাবিলাকক নাগৰিক জীৱন লাভ কৰিবলৈ নানাবিধ সহানুভূতিসূচক আৰু সংগঠনমূলক কামত অভ্যস্ত কৰোৱাৰ ব্যৱস্থা কৰিছিল। স্কুলবোৰ্ডিঙৰ কোনো ছাত্ৰৰ টান অসুখ-বিসুখ হলে গোস্বামীদেৱে ল'ৰাবিলাকৰ হতুৱাই শুশ্ৰূষা কৰোৱা, পৰদিওৱা আদি কাম কৰাইছিল। নগৰৰ কোনো ৰুগীয়া লোকৰ যাৰ অভাৱ শুনিলে তেখেত নিজে গৈ উপস্থিত হৈছিল আৰু স্কুলৰ শিক্ষক-

ছাত্ৰৰ হতুৱাই পালপাতি শুশ্ৰূষা কৰাইছিল। কোনো

১২