পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আদৰ্শ পাঠদানৰ কথা সুৱঁৰি আনন্দ কৰে। অসম উপত্যকাৰ মূৰৰপৰা আন মূৰলৈকে তেখেতে জীৱনত বহুবাৰ ঘূৰিছিল আৰু প্ৰায়বিলাক প্ৰধান ঠাইৰ সকলো স্কুল পৰিদৰ্শন কৰিছিল। তেখেত ফুৰোঁতে অসমৰ যি কোনো ঠাইৰ শিক্ষিত লোক পালেই সেই ঠাইৰ শিক্ষাৰ উন্নতিৰ হকে নানা সজ পৰামৰ্শ দিছিল। অফিচলৈ গলে অফিচৰ আৱশ্যকীয় কামবোৰ কৰি এটাই বিভিন্ন ঠাইত থকা শিক্ষা আৰু শিক্ষালয়ৰ উন্নতিৰ উপায় চিন্তা কৰিছিল। শিক্ষক পদগৌৰৱ আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ কথা বৰ বেচিকৈ ভাবিছিল। তেখেতে এই অভাজন লিখকক আৰু শ্ৰীযুত আদ্যনাথ শৰ্ম্মাদেৱক হাতত লৈ পোনতে “নৰ্ম্মাল স্কুলৰ পুৰণি ছাত্ৰ সম্মিলন” নাম দি এখন সম্মিলনী যোৰহাট নৰ্ম্মাল স্কুললৈ আমন্ত্ৰণ কৰোৱায়; পাচত ইয়াকেই “অসম শিক্ষক সম্মিলন”ত পৰিণত কৰোৱাই সম্মিলনৰ যোগেদিও শিক্ষকসকলৰ নানা অভাৱ-অভিযোগ কৰ্ত্তৃপক্ষক জনোৱাৰ দিহা কৰোৱায়। ইয়াৰ ফলতেই প্ৰাইমাৰী স্কুল শিক্ষকৰ দৰমহা মাহিলি ৮্‌ টকাৰপৰা ১২্‌ টকা হয়; আৰু কিছুদিন পাচত

গৱৰ্ণমেন্ট ছাত্ৰবৃত্তি-মাইনৰ স্কুলৰ শিক্ষকৰ দৰমহাৰ আৰম্ভ

১১