পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্র
 


বোধ কৰিছিল। গোস্বামীদেৱে চাকৰিৰ শেষ কাল ডোখৰত একেৰাহে কেইবা বছৰো যত্ন কৰি নলবাৰী সংস্কৃত কলেজ স্থাপন কৰোৱায়; বৰ্ত্তমানে এই কলেজে গৱৰ্ণমেন্টৰপৰা যথেষ্ট সাহায্য পাই সুপ্ৰতুলে চলিব ধৰিছে। স্কুল-ইন্সপেক্টৰ হৈ থকা কালত তেখেতে মিকিৰ পাহাৰত অসমীয়া ভাষা চলাবলৈ গৱৰ্ণমেন্টৰ লগত লিখালিখি কৰে; আৰু নানা কাৰণ দেখুৱাই বহুবাৰ লিখাত শেষত গোস্বামীদেৱ কৃতকাৰ্য্য হয়। আজি মিকিৰ পাহাৰত অসমীয়া ভাষা চলা কাৰ্য্যটো গোস্বামীদেৱৰেই আপুৰুগীয়া চেষ্টাৰ ফল।

 গোস্বামীদেৱে যি কামতেই ধৰিছিল সেই কামকেই অতি পৰিপাটিৰূপে ক’তো আৰ নথকাকৈ কৰিব পাৰিছিল। তেখেতৰ ১১ দক্ষতা জীৱন চৰকাৰী চাকৰিতেই গ'ল যদিও তেখেতে কৰা প্ৰত্যেকবিধ কামতেই নিয়মৰ ভিতৰত থাকি স্বাধীন চিন্তা খটাই ব্যক্তিত্ব ফুটাই তুলিছিল। স্কুল পৰিদৰ্শক হিচাবে তেখেতে যি কেইবছৰ কাম কৰিছিল, আজিও সকলো শিক্ষকে তেখেতৰ মনোহৰ মূৰ্ত্তি, হাঁহিমুখৰ মাত,

সুখ-দুখত সহানুভূতি দেখুৱা আৰু পৰিদৰ্শনৰ লগতেই

১০