পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশসেৱা
 

গোস্বামী, শ্ৰীযুত প্ৰবোধচন্দ্ৰ গোস্বামী এম-এ, বি-টি, লেক্‌চাৰাৰ, শ্ৰীযুত প্ৰসন্নচন্দ্ৰ গোস্বামী এম-এচ্‌ চি আৰু শ্ৰীযুত প্ৰমোদচন্দ্ৰ গোস্বামী এম-এ প্ৰধান।

 গোস্বামীদেৱ কলেজত পঢ়ি থাকোঁতেই কামৰূপৰ দেৱালয় আৰু ব্ৰাহ্মণপৰিয়ালবোৰৰ ১০ দেশসেৱা ইতিবৃত্ত সংগ্ৰহ কৰিবলৈ এখনি আঁচনি তৈয়াৰ কৰি বিলি কৰিছিল; ইয়াৰ কিছু কিছু কাম সেই সময়ত সংগৃহীতো হৈছিল। তেখেতে নলবাৰীত “অমৃত-এজেন্সী” নামে এখন কিতাপৰ দোকানো শ্ৰীযুত আদ্যনাথ শৰ্ম্মাদেৱৰ হতুৱাই আৰম্ভ কৰাইছিল। চাকৰি আৰম্ভৰ প্ৰায় লগে লগেই পণ্ডিত শ্ৰীযুত তাৰানাথ চক্ৰৱৰ্ত্তীদেৱৰ সম্পাদিত “অসম বান্ধৱত” তেখেতে যোগ দিয়ে; ডাঃ হৰিকৃষ্ণ দাস, ৰায় বাহাদুৰ শ্ৰীযুত কালিৰাম মেধি ডাঙৰীয়াৰ সৈতে গোস্বামীদেৱে এটা বোৰ্ড গঠন কৰিও কিছুদিন এই পত্ৰিকাখন চলোৱাত যোগ দিছিল। নলবাৰী মাইনৰ স্কুলখনি হাইস্কুলত পৰিণত কৰা কাৰ্য্যতো চাকৰি কালৰ ভিতৰতেই গোস্বামীদেৱে অশেষ যত্ন কৰিছিল। কামৰূপ সংস্কৃত শিক্ষাৰ কেন্দ্ৰ। ইয়াত

সংস্কৃত কলেজ এখনৰ অভাৱ বহুত দিনৰপৰা বহুতে