পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্ৰ
 


তালৈ যাবলগীয়া হয়। গোস্বামীদেৱ নিৰ্ধাৰিত দিনত সহধৰ্মিণীৰ সৈতে সভাত উপস্থিত হয় গৈ আৰু তাত অসমৰ পুৰাতত্ত্ববিষয়ক এটি গবেষণামূলক বক্তৃতা দি পুষ্কৰ আদি তীৰ্থ কৰি ভাৰতৰ মহানগৰী দিল্লীত উপস্থিত হয়হি। দিল্লীত এদিন বাস কৰিয়েই হিন্দুৰ পৱিত্ৰ তীৰ্থ যমুনাৰ পাৰত সহধৰ্মিণীৰ কোলাত মূৰ থৈ মৰমৰ ভতিজা শ্ৰীযুত প্ৰমোদচন্দ্ৰ গোস্বামীৰ ফালে দৃষ্টি কৰি গোস্বামীদেৱে বৈকুণ্ঠ প্ৰয়াণ কৰে (১৯৪৪ চন ১৯ ডিচেম্বৰ)।

 গোস্বামীদেৱৰ “প্ৰভাত” নামৰ এটি লৰা আছিল; অলপ বয়সতেই মৃত্যু হয়। তেখেতৰ ৯ পৰিজনকন্যা দুটি—৺প্ৰতিভা দেৱী আৰু শ্ৰীমতী সুপ্ৰভা দেৱী। প্ৰতিভাক কটন কলেজৰ প্ৰফেচৰ গড়েমাৰি সত্ৰৰ শ্ৰীযুত উমাকান্ত গোস্বামী এম-এ, বি-এল দেৱলৈ বিবাহ দিছিল। দ্বিতীয়া কন্যা শ্ৰীমতী সুপ্ৰভা নগাওঁ জিলাৰ কামপুৰৰ ফেক্টৰী ইন্সপেক্টৰ শ্ৰীযুত গোকুল চন্দ্ৰ গোস্বামী বি-ই দেৱত বিবাহ দিয়ে। গোস্বামীদেৱে কেইবাজনো ভতিজাকক প্ৰায় লগতে ৰাখি উচ্চ আদৰ্শেৰ

গঢ়ি তুলিছিল। এইসকলৰ ভিতৰত শ্ৰীমান প্ৰফুল্লচন্দ্ৰ