পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্ৰ
 


শ্ৰেণী খোলা বাবে সুযোগ্য চুপাৰিন্টেণ্ডেণ্ট এজনৰ আৱশ্যক হোৱাত গৱৰ্ণমেণ্টে গোস্বামীদেৱকেই সেই পদলৈ নিৰ্বাচন কৰে; তেখেত এই স্কুললৈ আহি ইয়াক নকৈ পতাৰ দৰে সকলো প্ৰকাৰে উন্নত কৰিবলৈ যত্ন কৰে। তেখেতৰ বাছনিমতে পোনতে নৰ্মাল আৰু প্ৰেক্‌টিচিং স্কুলৰ শিক্ষকসকলক নিযুক্ত কৰোৱায় আৰু লগে লগে স্কুল ঘৰ, বোৰ্ডিং আদি আৱশ্যকমতে সজোৱাই স্কুলখন চকুত লগা কৰি তোলে। পোনতে অস্থায়ীভাৱে কিছুমান ঘৰ সজোৱাই স্কুলৰ কাম আৰম্ভ কৰিছিল, পাচত এইবোৰ ঘৰ স্থায়ীভাৱে তৈয়াৰ কৰোৱায়। ১ম মহাসমৰৰ সময়তেই তেখেতৰ এইবোৰ কাম আৰম্ভ হৈছিল। সেই সময়ত গৱৰ্ণমেণ্টৰ অৰ্থৰ ইমান নাটনি হৈছিল, যে চৰকাৰী কৰ্মচাৰীৰ মাহিলি দৰমহা কাটিব লগা হৈছিল; এনে কঠিন সময়তো তেখেতে হাজাৰে হাজাৰে টকা মঞ্জুৰ কৰোৱাই স্কুলখন সকলো প্ৰকাৰে উন্নত কৰাত কৃতকাৰ্য্য হৈছিল।

 নৰ্ম্মাল স্কুলত কেইবছৰমান কাম কৰি ইয়াক এটা নতুন ৰূপ দিয়াৰ পাচত তেখেতক স্পেচিয়েল কৰ্মচাৰী

কৰি ডাইৰেক্টৰ অফিচলৈ নিয়ে। তাত কিছুদিন থকাৰ